ক’ভিড ১৯ৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ

Share

গুৱাহাটী ,২৩ ডিচেম্বৰ: ক’ৰণাক পৰাস্ত কৰিবলৈ সাজু কৰা হল অস্ত্ৰ৷ ফাইজাৰ কোম্পানীৰ ‘পেক্সলোভিড’ নামৰ ঔষধবিধ ব্যৱহাৰৰ অনুমোদন জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে। চৰকাৰে জনাইছে যে ঔষধবিধে ক’ৰণাৰ আশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে । ৰাষ্ট্ৰপতি জো বিডেনে উল্লেখ কৰে যে ফাইজাৰে পেক্সলোভিড নামৰ ঔষধবিধ অতি সোনকালেই বজাৰত উপলব্ধ হব৷ যাক আমেৰিকান সকলে সংক্ৰমণৰ বিপদজনক প্ৰভাৱ পৰিহাৰ কৰিবলৈ ঘৰত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।
ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ এলবাৰ্ট বৰুলাই কৈছিল যে চিকিৎসালয়ত ক’ৰণাৰ চিকিৎসাধীন হৈ থকা ২,২০০ জন লোকৰ ওপৰত ঔষধবিধ পৰীক্ষা কৰাৰ ফলত অপ্ৰত্যাশিত ফলাফল পোৱা গৈছে৷ আনহাতে, বিশেষজ্ঞসকলে কয় যে যিহেতু ঔষধবিধে কাম কৰাৰ ধৰণটো এণ্টিবডী বা ভেকছিন পদ্ধতিতকৈ অলপ পৃথক, এই ঔষধবিধে কেৱল অমিক্ৰনৰ বিপৰীতে নহয়, ক’ৰণাৰ যিকোনো প্ৰকাৰৰ বিপৰীতেও কাৰ্যকৰী হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *