গুৱাহাটীত উৰিল মিত্ৰজোঁটৰ বিজয়ধ্বজা

Share
মহানগৰ বাৰ্তা, ২৫ এপ্ৰিল:  গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনীৰ ফলাফল ঘোষিত হোৱাৰ পাছতেই গুৱাহাটীত  বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত উচাহৰ জোৱাৰ পৰিলক্ষিত হয়। পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ৫৮ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰাৰ পাছতেই মহানগৰীৰ প্ৰান্তে প্ৰান্তে বিজেপি প্ৰাৰ্থী সকলক লৈ বিজেপি মিত্ৰজোঁটৰ সমৰ্থকসকলে জয়ধ্বনিৰে মহানগৰীৰ আকাশ বতাহ কঁপাই তোলে। বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলক সমৰ্থকে গামোচাৰে তেওঁলোকক অভিনন্দন জনায় ।
 
আনফালে, মিত্ৰজোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ বিজয়ী প্ৰাৰ্থীসকলকো লগত লৈ সমৰ্থকসকলে ৱাৰ্ডে ৱাৰ্ডে সমদল কৰি বিজয় উল্লাস কৰে। ইয়াৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ দুগৰাকী বিজয়ী প্ৰাৰ্থীক লগত লৈ সমৰ্থকসকলে আনন্দ উল্লাস কৰা দেখা যায়। লক্ষণীয় যে, পৌৰ নিৰ্বাচনত ৰাজীৱ ভৱনকে ধৰি কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় সমূহত নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। 
 

Leave a Reply

Your email address will not be published. Required fields are marked *