বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ উপাযুক্তৰ সভাকক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নামনি অসম মণ্ডলৰ বঙাইগাঁও, বৰপেটা,গোৱালপাৰা আৰু ধুবুৰী জিলাৰ লগতে নৱগঠিত দক্ষিণ শালমাৰা আৰু বজালী জিলাৰ অন্তৰ্গত মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা বিষয়াৰ সন্মিলনত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি সন্মিলনখনৰ শুভাৰম্ভ কৰি ভাষণত কয় যে অসমত শীঘ্ৰেই শিক্ষকবিহীন বিদ্যালয় বন্ধ কৰা হব আৰু যিবিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে কিন্তু তাত থকা শিক্ষকসকলৰ অৱসৰ হোৱাৰ পাছত আৰু নতুনকৈ শিক্ষকক নিযুক্ত কৰা হোৱা নাই সেই বিদ্যালয়সমূহক নিকটৱৰ্তী লগতে বিদ্যালয়সমূহৰ একত্ৰীকৰণ কৰা হব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষনা কৰে।লগতে বিদ্যালয়সমূহৰ শৈক্ষিক দিশত সুবিধাজনক কৰা হব বুলি ঘোষণা কৰে।লগতে তেওঁ ভাষণত উল্লেখ কৰে যে যুক্তিপূৰ্ণ বদলিকৰণ কৰাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিব।আনহাতে যিবিলাক বিদ্যালয়ত কোনো বিষয়ৰ শিক্ষকৰ পদ খালী হৈ আছে সেইবিলাক বিদ্যালয়ৰ শিক্ষা বিষয়াসকলক সম্পূৰ্ণকৈ চৰকাৰক জনাবলৈ নিৰ্দেশ দিয়ে শিক্ষমন্ত্ৰীগৰাকীয়ে।
আনহাতে যিবিলাক বিদ্যালয় কেচাঁ ঘৰ আছিল আৰু বানত নষ্ট হৈছে ,সেই বিদ্যালয়সমূহ পুণৰ নিৰ্মাণ কৰোতে পকী ঘৰ হিচাপে নিৰ্মাণ কৰিবলৈ শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যাবোৰ অহা দুবছৰৰ ভিতৰত অন্ত পেলাবৰ বাবে চৰকাৰে মিছন হিচাপে কাম কৰিব আৰু বিষয়াসকলে তাৰ বাবে গুৰুত্বসহকাৰে কাম কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।লগতে নৱম আৰু দশম শ্ৰেণীৰ ডিজিটেল ক্লাছ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।