প্ৰকাশ পালে ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংক 

Share
নিউজ ডেস্কঃ প্ৰকাশ পালে ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংক ২০২১-২২ । মানৱ উন্নয়ন সূচাংকত  ভাৰতৰ স্থান হ’ল ১৩২ সংখ্যক। ১৯১ খন ৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল সমীক্ষা। উল্লেখ্য যে, ২০২০ বৰ্ষত ১৩১ সংখ্যক আছিল ভাৰতৰ স্থান। পূৰ্বতকৈ অৱনমিত হোৱা পৰিলক্ষিত হৈছে ভাৰতৰ স্থান।  ১৯১ খন ৰাষ্ট্ৰৰ মাজত নাগৰিকৰ জীৱন-ধাৰণৰ মানৰ ওপৰত চলোৱা হৈছিল সমীক্ষা। শিক্ষা আহৰণৰ সা-সুবিধা আৰু স্বাস্থ্যকৰ জীৱনৰ ওপৰত আলোকপাত কৰা হৈছিল। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ মতে বিশ্বৰ মানৱ উন্নয়ন পাঁচ বছৰ পিছুৱাই গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *