গুৱাহাটী, ৭ফেব্ৰুৱাৰীঃ দেওবাৰে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিং গুৱাহাটীত উপস্থিত হয়। উপস্থিত হৈ শক্তিমন্ত্রী গৰাকীয়ে উত্তৰ পূৱ বৈদ্যুতিক শক্তি নিগমৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন প্ৰকল্পৰ অগ্রগতিৰ পৰ্যালোচনা কৰে। জানিব পৰা মতে, বৈঠকত কেন্দ্রীয় শক্তিমন্ত্রী গৰাকীয়ে NEEPCOৰ দ্ৰুত ক্ষমতা সংযোজন আৰু সেউজশক্তি উৎপাদন বৃদ্ধিৰ প্ৰশংসা কৰে আৰু লগতে NEEPCO ক অহা সাত বছৰত ৪,০০০ মেগাৱাটতকৈ অধিক কোম্পানি হ’বলৈ আহ্বান জনায়।