লুইতৰ দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমনে

Share
 মাধুৰ্য শইকীয়া ,৮অক্টোবৰঃ  মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু উওৰ-গুৱাহাটী সংযোগী নিৰ্মীয়মান দলং পৰিদৰ্শন কৰে আৰু লগতে নিৰ্মাণ সম্পৰ্কে পৰ্যালোচনা কৰে । দিনৰ ১.৩০বজাত উপস্থিত হোৱা নিৰ্মলা সীতাৰমনক সম্বৰ্দ্ধনা জনায়  মুখ্যমন্ত্ৰীয়ে ।এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ আয়োক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰাই  আৰু লোক নিৰ্মান বিভাগৰ অভিযন্ত্ৰা পৱন তেৰাঙে দলংখনৰ নিৰ্মাণ আৰু অগ্ৰগতি সম্পৰ্কে জানিবলৈ দিয়ে ।
জানিব পৰা মতে ২,৬০৮ কোটি টকা ব্যয়ৰে ৰাজ্যিক লোক নিৰ্মাণ বিভাগে এই প্ৰকল্পৰ কাম চলাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ ৯ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা দলংখন ২০২৩চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ন হৈ উঠিব বুলি নিৰ্মাণ বিভাগে আশা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *