কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে ‘জলবাহক’ আচনি

Share

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বান্দ সোণোৱালে দেঁওবাৰে কলকাতাত মুকলি কৰে ‘জলবাহক’ নামৰ এক আঁচনি। এই আঁচনিৰ জৰিয়তে কাৰ্গো মালিকসকলক তিনিশ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে আভ্যন্তৰীণ জলপথৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী পৰিবহণ কৰিবলৈ পোনপটীয়াকৈ প্ৰভাৱ প্ৰেৰণা যোগাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কলকাতাত জি আৰ টিৰ পৰা এম ভি ত্ৰিশূলৰ সৈতে মালবাহী জাহাজৰ এম ভি আই আৰু এম ভি হোমি ভাবাৰ ফ্লেগ-অফ কৰে। জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰাসাৰৰ বাবে মুকলি কৰা হয় ‘জলবাহক’ নামৰ এই নতুন আঁচনি।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰিবহণ স্বতন্ত্ৰ মন্ত্ৰী দয়াশংকৰ সিং, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন, ভৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ অধ্যক্ষ বিজয় কুমাৰ, ভাৰতীয় জাহাজ পৰিবহণ নিগম অধ্যক্ষ আৰু পৰিচালক সঞ্চালক কেপ্টেইন বি কে ত্যাগী প্ৰমুখ্যে মন্ত্ৰালয়, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ভাৰতীয় জাহাজ পৰিবহণ নিগমৰ উচ্চপদস্থ বিষয়সকল।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ফ্লেগ-অফ কৰা জাহাজ কেইখনৰ প্ৰথমখনে কলকাতাৰ জি আৰ টিৰ পৰা ভাৰত-বাংলাদেশ প্ৰ’টকল ৰুট হৈ গুৱাহাটীৰ পাণ্ডুলৈ ১৫শ টন চিমেণ্ট কঢ়িয়াই। দ্বিতীয়খন জাহাজ আম ভি আইয়ে পাটনালৈ এহেজাৰ টন জিপচাম কঢ়িয়াই। আনহাতে তৃতীয়খন জাহাজ এম ভি হোমি ভাবাই বাৰানসীলৈ দুশ টন কয়লা কঢ়িয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *