কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণাঃপ্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হ’ব ১৫ টকা

Share
 বৰ্তমান শতকৰ ঘৰত পেট্ৰলৰ মূল্য। এতিয়া প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হ’ব ১৫ টকা। শুনিবলৈ অবিশ্বাস্য হ’লেও এয়া সত্য। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই ঘোষণাই দেশত সৃষ্টি কৰিছে এতিয়া আলোড়নৰ। কিন্তু কেনেকৈ সম্ভৱ হব ১৫ টকাকৈ প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য। তাৰো কথা ক’লে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
মঙ্গলবাৰে ৰাজস্থানৰ প্ৰতাপ গড়ৰত এখন জনসভাত অংশগ্ৰহন কৰি এই কথা ঘোষনা কৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে। মন্ত্ৰী গৰাকীৰ মতে যান-বাহনত গড় অনুপাতে ৬০% ইথান’ল আৰু ৪০% বিদ্যুৎ ব্যৱহাৰ হ’লে পেট্ৰলৰ দাম হ’ব গৈ ১৫ টকাকৈ। কৃষক সকলে উৎপাদন কৰা ইথান’লেৰে চলিব যান- বাহন। ইয়াৰ বাবে সাধাৰণ লোকসকল লাভবান হোৱাৰ লগতে প্ৰদূষণো ৰোধ হ’ব আমদানিও হ্ৰাস হ’ব। ভাৰতীয় কৃষকে লাভ কৰিব আমদানিৰ নামত ব্যয় হোৱা ১৬ লাখ কোটি টকা। যাৰ ফলত কৃষক সকল অন্নদাতাৰ লগতে উৰ্জাদাতাও হব ভাৰতীয় কৃষকসকল। ফলত হ্ৰাস হব পেট্ৰলৰ আমদানী।  কেৱল পেট্ৰলৰ মূল্য হ্ৰাস হোৱাই নহয় কৃষকে তৈয়াৰ কৰা ইন্ধনেৰে চলিব বিমানো।
বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধৰণ জনতাক কোঙা কৰাৰ সময়তে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ এই ঘোষণা ব্যাস্তৱত পৰিণত হলে ভাৰতবৰ্ষই বিশ্বৰ বজাৰতে আলোড়নৰ সৃষ্টি কৰিব।  

Leave a Reply

Your email address will not be published. Required fields are marked *