আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

Share
ৰাজহুৱা খণ্ডৰ বেংক আৰু গ্ৰাম্য বেংক সমূহৰ কাম-কাজ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব। বৈঠকত বেংক সমূহৰ অগ্ৰগতি, জমা বৃদ্ধি, ক্ৰেডিত-ডিপোজিতৰ অনুপাত আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব। 
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আৰু প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ দৰে চৰকাৰী পদক্ষেপৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহে কৰা কাম-কাজ সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰা হ’ব। উল্লেখযোগ্য যে ২৩ জুলাইত প্ৰথম পূৰ্ণাংগ বাজেট উপস্থাপন তথা বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বেংক সমূহৰ সৈতে এয়া প্ৰথম খন বৈঠক বিত্তমন্ত্ৰী গৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *