কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অন্তিমখন কেন্দ্ৰীয় বাজেট দাখিল

Share

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অন্তিমখন কেন্দ্ৰীয় বাজেট দাখিল কৰিলে। এই বাজেট দাখিল কৰাৰ পাছত কিছু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে । এই বাজেট অনুসৰি প্লেটিনাম, সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পাইছে। বাজেটৰ পাছতেই চিগাৰেট, অলংকাৰ আৰু চিলভাৰৰ বাচন বৰ্তনৰ  মূল্যও বৃদ্ধি পাইছে, লগতে কাপোৰ, বৈদ্যুতিক চিমনি,কপাৰৰ মূল্যও বৃদ্ধি পাইছে ।বিদেশৰ পৰা আমদানি কৰা ৰূপ আৰু ধপাতমযুক্ত সামগ্ৰীৰ মূল্য বৃদ্ধি পাব এই বাজেটৰ পাছত।

তদুপৰি ইলেকট্ৰিক বাহন, কেমেৰা, LED টিভি, ম’বাইল, চাইকেল, মটৰ চাইকেল আৰু ইথাইল এলকহলৰ দাম হ্ৰাস পালে।   

বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত বহুকেইটা অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে ।উল্লেখ্য যে,অহা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কেন্দ্ৰীয় চৰকাৰৰ অন্তিম পূৰ্ণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰিছে।।

Leave a Reply

Your email address will not be published. Required fields are marked *