বুধবাৰে ৩০৮ কোটি টকাৰ প্ৰকল্প মুকলি কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Share

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০৮ কোটি টকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ জলপথ  আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভণি কৰে ৷ সোণোৱালে বগীবিলৰ টাৰ্মিনেল, ৬.৯ কোটি টকাৰ ব্যয়ৰে ত্ৰিপুৰাৰ সোণামুৰাৰ আভ্যন্তৰীণ জল পৰিবহন টাৰ্মিনেল আৰু ৬.৪০ কোটি টকাৰে নিৰ্মাণ হোৱা কৰিমগঞ্জ তথা বদৰপুৰৰ উন্নীত টাৰ্মিনেলৰ শুভাৰম্ভণি কৰে ৷ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপন কৰা বগীবিল টাৰ্মিনেলৰ ব্যয় হৈছে ৫০ কোটি টকা ৷ ইয়াৰ উদ্দেশ্য হল পৰ্যাটন বৃদ্ধি, চাহ,পলিমাৰ, কয়লা সাৰৰ দৰে বাণিজ্য খণ্ডৰ অৰ্খনীতি শক্তিশালী কৰা ৷ ইয়াৰ জৰিয়তে সোণোৱালে যে-‘এই টাৰ্মিনেলে কাৰ্গ আৰু যাত্ৰীৰ সুচল চলাচলৰ বাবে সমগ্ৰ অঞ্চলটোত জল পৰিবহণ আন্তঃগাঁথনি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ তথা বাণিজ্যৰ সম্পসাৰণৰ পথ প্ৰশস্ত হব’৷ ইয়াৰ লগতে সোণোৱালে ৭.৫ কোটি টকা ব্যয়ৰে ধুবুৰীত কাষ্টম আৰু ইমিগ্ৰেচন কাৰ্যালয় আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ যোগীঘোপা টাৰ্মিনেলৰ চৌহদৰ দেৱালৰ আধাৰশিলা স্থাপন কৰে ৷ যাৰ মূল্য হৈছে ১৮ কোটি টকা ৷ লগতে ১২ কোটি ব্যয়ৰে বগীবিল টাৰ্মিনেল পাৰৰ সুৰক্ষাৰ বাবে আৰু জেটিৰ সম্পসাৰণৰ বাবে এটা প্ৰকল্প আৰম্ভ কৰিব বুলি ঘোষণা সোণোৱালৰ ৷ সোণোৱালে  অনুষ্ঠানত ভাষণ দি কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ  গতিশীল নেতৃত্বত আজি মুকলি কৰা প্ৰকল্পসমুহে আমাৰ সমৃদ্ধ নেটৱৰ্কক অধিক শক্তিশালী আৰু তুৰাম্বিত কৰিব ৷ ইয়াৰ উপৰিও যোগীঘোপা,তেজপুৰ, বিশ্বনাথঘাট, নিমাতী আৰু শদিয়াত মুঠ ৮.৪৫ কোটি টকা ব্যয়ৰে ৬ টা পৰ্যাটক জেটিও নিৰ্মাণ হ’ব আৰু ২০২৪ চনৰ আগষ্টত গুৱাহাটীত দুখনকৈ বৈদ্যুতিক কাটামাৰান মুকলি হ’ব বুলি ঘোষণা সৰ্বানন্দ সোণোৱালৰ । ইয়াৰ লগতে গুৱাহাটী প্ৰকল্প সন্দৰ্ভত বহুকেইটা প্ৰকল্পৰ নিৰ্মাণৰ ঘোষণা জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷  

Leave a Reply

Your email address will not be published. Required fields are marked *