অৰুণাচলৰ চৌখামৰ চোৰাং কাঠৰ ব্যৱসায়ৰে অসমত বহিছে ক’লা বজাৰ

Share

যুক্তা ৰাণী দাস

২৭ জুলাই: অৰুণাচলৰ চৌখামৰ চোৰাং কাঠৰ ব্যৱসায়ৰে অসমত বহিছে ক’লা বজাৰ । চৌখামৰ পৰা অসমত নিয়ন্ত্ৰণ কৰা হৈছে কাঠৰ ছিণ্ডিকেট । অসমকে ধৰি অন্য ৰাজ্যলৈ চৌখামৰ পৰাই যোগান ধৰা হয় চোৰাং কাঠৰ । অসমৰ মাজেৰে ৰাজহ ফাঁকি দি প্ৰতিদিনে সৰবৰাহ কৰা হৈছে চোৰাং কাঠৰ । সমান্তৰালভাৱে অসমৰ মাজেৰে অনা-অসমীয়া ব্যৱসায়ীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাৱে সৰবৰাহ কৰিছে কাঠ । এই ছিণ্ডিকেটৰ মূল উৎসত জড়িত ব্যক্তিসকল হ’ল – সুশীল আগৰৱালা ( AK Timber , চৌখাম শ্বʼ মিল ), মহাবীৰ প্ৰসাদ আগৰৱালা ( Kalling শ্বʼ মিল ,চৌখাম ), নিমিশ পাটোৱাৰী ( টাফ্ৰাগাম শ্বʼ মিল ) কে ধৰি আন কেইবাজনো ব্যক্তি । এই মিলসমূহৰ পৰাই ভূৱা TP ৰে সৰবৰাহ কৰা হয় দেশৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠ । এখন TP ৰে সৰবৰাহ কৰা হয় ৮ পৰা ১০ খন ট্ৰাকত অবৈধ ভাৱে কাঠ । ছিণ্ডিকেটত হাত উজান দিছে বন বিষয়া আৰু আৰক্ষীয়ে , কিন্তু সকলো দেখি-শুনিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন মন্ত্ৰীয়ে । ফলত ছিণ্ডিকেট ৰোধত ব্যৰ্থ অসম চৰকাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *