নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ কূটাঘাতমূলক কাৰ্য।ভাৰত-ম্যনমাৰ সীমান্তত আছাম ৰাইফল্ছৰ শিবিৰত মৰ্টাৰেৰে আক্ৰমণ কৰে উগ্ৰপন্থীয়ে । আজি পুৱতি নিশা ৩ বজাৰ পৰা পুৱা ৫ বজালৈ মুঠ তিনিটাকৈ আছাম ৰাইফল্ছৰ শিবিৰত আক্ৰমণ চলালে আলফা স্বাধীন আৰু এন এচ চি এনে। খবৰ অনুসৰি আছাম ৰাইফল্ছৰ তিনিটাকৈ শিবিৰ ক্ৰমে অৰুণাচলৰ নকনৌ, পাংচাও আৰু নাগালেণ্ডৰ চেৰামতাটৰ জিলাৰ সেনা শিবিৰত হঠাতে আক্ৰমণ কৰে আলফা (স্বাধীন) আৰু এন এচ চি এনে ।
ঘটনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি আছাম ৰাইফল্ছৰ কেইবাজনো সেনা জোৱান হতাহত হোৱাৰ তথ্য লাভ কৰা হৈছে যদিও এই পৰ্যন্ত কোনো ধৰনৰ ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ পোৱা নাই। উল্লেখ্য যে প্ৰথমে আলফা (স্বাধীন) আৰু এন এচ চি এনে মৰ্টাৰেৰে সেনাৰ শিবিৰত আক্ৰমণ কৰাৰ পিছতেই কেইবাঘন্টা ধৰি দুয়োপক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হোৱা এনে ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।