NATO ওপৰত ক্ষোভ উজাৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

Share

গুৱাহাটী,৫মাৰ্চঃ উত্তৰ আটলান্টিক চুক্তি সংগঠন চমুকৈ নাটো , য’ত ২৮ খন দেশ আৰু ইউৰোপীয় দেশ আৰু ২খন উত্তৰ আমেৰিকা দেশৰ মাজত এক সামৰিক মিত্ৰতা ।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সামৰিক যুদ্ধৰ অভিযান অব্যাহত থকাৰ সময়তে সামাজিক মাধ্যমত লিখা এটা পোষ্টে এতিয়া বিশেষ চৰ্চাৰ আওঁতালৈ আহিছে । কিয়েনা,নাটোৰ সিদ্ধা্ন্তক লৈ তীব্ৰ সমালোচনা কৰি ফেচবুক পোষ্ট কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিয়ে।“এতিয়াৰে পৰা যিসকল ইউক্ৰইনী লোকৰ মৃত্যু ঘটিব তাৰ বাবে নাটো হ’ব জগৰীয়া”। লগতে ইউক্ৰেইনৰ আকাশমাৰ্গত বিমান চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি নকৰা এনে সিদ্ধান্তক লৈ বিতৰ্কিত মন্তব্যৰে সৈতে ফেচবুকত লিখিলে ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিয়ে ।

আক্ৰমণৰ এনে সংকটকালীন সময়ছোৱাত ৰাছিয়াৰ বিমান যাতে আকাশী পথেৰে আহি আক্ৰমণ আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ইউক্ৰেইনৰ আকাশক ‘নো-ফ্লাই জ’ন’ ঘোষণা কৰিবলৈ নাটোক আবেদনযোগে এই বিষয়ে জনাইছিল জেলেনস্কিয়ে ।যদিহে নাটোৱে আৰোপ কৰা নিষেধাজ্ঞাক আওকাণ কৰি ৰাছিয়াই পুনৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলালেহেতেঁন তেন্তে সেয়া আন্তৰ্জাতিক আইন উলংঘা কৰা হ’লহেতেঁন । কিন্ত জেলেনস্কিৰ এনে আশাত যেন চেচাঁ পানী পৰিলে কিয়নো জেলেনস্কিৰ এই অনুৰোধ মানি ল’বলৈ অস্বীকাৰ কৰিছিল নাটোৱে ।যাৰ বাবে তেওঁ অসন্তূষ্ট হৈ ক্ষোভ প্ৰকাশ কৰিছিল ।তদুপৰি , এই সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰী এন্টনী ব্লিংকেনে জনোৱা অনুসৰি ইউক্ৰইনৰ ওপৰত বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিলে সমগ্ৰ ইউেৰাপত যুদ্ধ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল আৰু কৈছিল সেয়ে নাটোৱে এই সিদ্ধান্ত লৈছে । ইয়াৰোপৰি ,যদিও ৰাছিয়াৰ , ইউক্ৰেইনতকৈ অনেক অস্ত্ৰ- শস্ত্ৰ আছে তথাপিওঁ এই সিদ্ধান্তৰে তেওঁলোকে নিজৰ দুৰ্বলতা আৰু নিৰাপত্তাহীনতা প্ৰমাণ কৰিছে বুলি ক্ষোভ ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *