দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্তৰ সমাগমেৰে উখল-মাখল শক্তিপীঠ কামাখ্যা ধাম

Share

সমাগত অম্বুবাচী মেলা। গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধামত এতিয়া উখল-মাখল পৰিৱেশ। ২২জুনৰ নিশা অম্বুবাচীৰ প্ৰবৃত্তি।

নিশা ২বাজি ৩০ মিনিট ৪২ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। সেয়ে এতিয়া কামাখ্যা ধামত উখল-মাখল পৰিৱেশৰ সৃষ্টি  হৈছে। অম্বুবাচী মেলা উপলক্ষে আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ লগতে সাধু-সন্নাসীৰ। ইতিমধ্যে অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।  

কামাখ্যা মন্দিৰৰ পুৰোহিত বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি নিশা প্ৰবৃত্তি হোৱাৰ পাছতে ২৩,২৪, আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব।

আনহাতে ২৬ জুনৰ পুৱা নিত্য পূজা সম্পন্ন হোৱাৰ পিছত ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *