ওড়িষ্যাৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকচ ছেম্পিয়নশ্বিপ প্ৰতিযোগিতাত উজলিল অম্লান বৰগোঁহাই

Share

ৰাজ্যবাসীলৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে অসম সন্তান অম্লান বৰগোঁহাইয়ে। অম্লান বৰগোঁহাই ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকচ ছেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ওড়িষ্যাত অনুষ্ঠিত হোৱা ৬২ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকচ ছেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অসম সন্তান অম্লান বৰগোঁহাই অংশ গ্ৰহণ কৰে। ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অম্লান বৰগোঁহাই ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰি অসমলৈ পুনৰ সুনাম কঢ়িয়াই আনে। ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকচ ছেম্পিয়নশ্বিপ ২০২৩, ১৫ জুনৰ পৰা ১৯ জুনলৈ অনুষ্ঠিত হৈছিল।

ইয়াৰ উপৰিও অম্লান বৰগোঁহাই  ২০২২ চনত কেৰালত অনুষ্ঠিত হোৱা ফেডাৰেছন কাপ এথলেটিকচত অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। ২০০ মিটাৰ দৌৰত মাত্ৰ ২০.৫২ ছেকেণ্ড সময়েৰে স্বৰ্ণজয় কৰিছিল অম্লান বৰগোঁহাই।

Leave a Reply

Your email address will not be published. Required fields are marked *