পুনৰ আলফা স্বাধীনলৈ  যোৱাৰ ইচ্ছাৰে ছ’চিয়েল মিডিয়াত প’ষ্ট দি গ্ৰেপ্তাৰ হ’ল নগাঁওৰ দুই যুৱক – যুৱতী

Share

ডিজিটেল ডেস্কঃ নিষিদ্ধ ঘোষিত আলফা স্বাধীনলৈ যোৱা ইচ্ছাৰে ছ’চিয়েল মিডিয়াত প’ষ্ট নগাঁওৰ দুই যুৱক – যুৱতীৰ। আলফা স্বাধীনলৈ মন মেলি নগাঁওৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলাসহ জন যুৱক। গ্ৰেপ্তাৰ যুৱতীগৰাকী নগাঁও চহৰৰ কচলুখোৱাৰ নাম শিপ্ৰা দত্ত দাস। আৰু যুৱকজন ননৈৰ নৱ বৰা।

শিপ্ৰা দত্ত দাস আৰু নৱ বৰাই ছ’চিয়েল মিডিয়াত আলফা যোগদানৰ ইচ্ছা প্ৰকাশ কৰি প’ষ্ট দিয়াৰ পাছত আৰক্ষীৰ বিষয়টোত দৃষ্টি গোচৰ হয়। এই সন্দৰ্ভত নগাঁও সদৰ থানাত আৰক্ষীয়ে নিজাববীয়া কৈ এটা গোচৰ ৰুজু কৰে আৰু তাৰ পিছত গুৱাহাটীৰ পৰা শিপ্ৰা দত্ত দাসক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নিজৰ চৰকাৰী চাকৰিয়াল স্বামী আৰু ৮ বছৰীয়া পুত্ৰৰ সৈতে সুখৰ সংসাৰ থকা এই মহিলাগৰাকীয়ে কিয় আলফালৈ যাবলৈ ছ’চিয়েল মিডিয়াত প’ষ্ট দিছিল। আনহাতে ননৈৰ নৱ বৰা নামৰ যুৱক জনেও আলফাত যোগদান কৰাৰ ইচ্ছাৰে ছ’চিয়েল মিডিয়াত প’ষ্ট দিছিল। নগাঁও আৰক্ষীয়ে এই যুৱক জনক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *