ডিজিটেল ডেস্কঃ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত উৎকোচ লৈ ধৰা পৰিল দুই প্ৰযুক্তিবিদ। চিটি স্কেন কৰাৰ বাবদ ৰোগীৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ দুই প্ৰযুক্তিবিদ। গ্ৰেপ্তাৰ হোৱা দুই প্ৰযুক্তিবিদ ক্ৰমে ধৈৰ্য্য বুঢ়াগোহাঁই আৰু তুলতুল দাস।উল্লেখ্য যে ৰবিবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুগৰাকী ৰোগীৰ পৰা ১৬০০ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ তুলিছিল ৰোগীৰ পৰিয়ালে।
আনহাতে, ৰোগী দুগৰাকীৰ মাজত উৰ্মিলা দাস নামৰ ৰোগী গৰাকীৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ কাষ চপাৰ দাবী কৰাৰ পাছত টকাখিনি উভতাই পায় যদিও হেমলতা শইকীয়া নামৰ ৰোগী গৰাকীক টকা উভতাই দিয়া নহয়।উল্লেখ্য যে, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিটি স্কেনৰ দায়িত্বত আছে স্পন্দন নামৰ এখন প্ৰতিষ্ঠান। ৰোগী দুগৰাকীৰ অভিযোগ অনুসৰি উৎকোচ লোৱা ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰতিষ্ঠানটোৱে দুগৰাকী প্ৰযুক্তিবিদক নিলম্বন কৰে।