ৰাজ্যত অব্যাহত আছে অবৈধ ড্ৰাগছৰ বেহা, ডবকাত জব্দ ড্রাগছসহ দুই সৰবৰাহকাৰী

Share
ডবকা, ২৪ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিছতো বন্ধ হোৱা নাই নিষিদ্ধ ড্রাগছৰ ব্যৱসায়। যোৱানিশা ডবকা আৰক্ষীৰ অভিযানত জব্দ হৈছে প্ৰায় ১কোটি টকাৰ ড্ৰাগছ। ইতিমধ্যে, ইমৰাণ আৰু মুকেশ নামৰ দুজন ড্রাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিবপৰা মতে, মণিপুৰৰ ইম্ফলৰ পৰা আগৰতলালৈ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি। উল্লেখযোগ্য যে, ৬১টা চাবোনৰ বাকচত অনা হৈছিল সন্দেহজনক হেৰইনখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ১কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *