পবিতৰাত গ্ৰেপ্তাৰ দুজন চোৰাং বেং ব্যৱসায়ী 

Share
যুক্তা ৰাণী দাস ,২৩ চেপ্তেম্বৰ, গুৱাহাটীঃপবিতৰা অভয়াৰণ্যৰ এটা Security team এ যোৱা ৰাতি পবিতৰাৰ সমীপৰ বৰদিয়া এলেকাত বৰষুণৰ পানীত বেং ধৰি থকা অৱস্থাতে দুজন ব্যক্তিক আটক কৰে। ব্যক্তি কেইজনৰ নাম ক্ৰমে যাত্ৰা মোহন মণ্ডল আৰু শ্ৰী নিবাস মণ্ডল।দুয়োজন ব্যক্তিৰ ঘৰ মায়ং থানা ৰ অন্তৰ্গত  কাউৰহাগী গাঁৱত । 
    জানিব পৰা মতে বহু দিন ধৰি চোৰাং চুৰ দুজনে বেং চিকাৰ কৰি দুগৰাকী মহিলাৰ সহযোগত ব্যৱসায় চলাই আহিছিল আৰু এই বেঙবোৰ  ডিমাপুৰ লৈ সৰবৰাহ কৰি আছিল । ইতিমধ্যে দুয়োজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰে বন বিভাগৰ লোকে । 

Leave a Reply

Your email address will not be published. Required fields are marked *