নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেলত ২০২৩ ত প্ৰদৰ্শন হয় ডিআইজি পাৰ্থ সাৰথি মহন্তৰ চুটি ছবি ‘বহাগ বহাগ মন’ আৰু ‘লাচিত দ্যা ৱাৰিয়াৰ’ । ২৫ আৰু ২৬ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা চলচ্চিত মহোৎসৱত পাৰ্থ সাৰথি মহন্তৰ পৰিচালনাত নিৰ্মাণ হোৱা দুখনকৈ ছবি প্ৰদৰ্শন কৰা হয়।
এই মহোৎসৱত ‘বহাগ বহাগ মন’ নামৰ শীৰ্ষক চুটি ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ছবিখনে পৰিৱেশ আৰু সংস্কৃতি শ্ৰেণীৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কঢ়িয়াই আনিবলৈও সক্ষম হয়। এই ছবিখন পাৰ্থ সাৰথি মহন্তই পৰিচালিত কৰাৰ লগতে মিনা মহন্ত আৰু দেৱজিত ভূঞাই প্ৰযোজনা কৰে।
আনহাতে পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত দ্য ৱাৰিয়াৰ’ শীৰ্ষক আন এখন চুটি ছবিয়ে জুৰীৰ বিশেষ শ্ৰেণীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। এই ছবিখন মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰিছে।
‘বহাগ বহাগ মন’ ছবিখন প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কৰ এক গীতিমুলকৰ ওপৰত উপস্থাপন কৰা হৈছিল আৰু ‘লাচিত দ্যা ৱাৰিয়ৰ’ হৈছে লাচিত বৰফুকনৰ ওপৰত এনিমেছনত উপস্থাপন কৰা এখন জীৱনীমুলক কবিতা।