গুৱাহাটী,২৫ আগষ্টঃ নয়দাৰ গৌতম বুদ্ধ নগৰৰ এমাৰ্ল্ড কোৰ্টত ছুপাৰটেক লিমিটেডে অবৈধ ভাৱে নিৰ্মাণ কৰা ৩০ আৰু ৩২ মহলাৰ প্ৰায় ১০০ মিটাৰ উচ্চতা ফুট দুটা ছুপাৰটেক টুইন টাৱাৰ ধ্বংসস্তুপত হব।
ইতিমধ্য ছুপাৰটেক এমাৰ্ল্ড কোৰ্টৰ নিৱাসীসকলে নিজৰ ফ্লেটসমূহ খালী কৰিবলৈ লৈছে। আগন্তুক ২৮ আগষ্টত ধ্বংসস্তুপত হোৱাৰ সময়ত টুইন টাৱাৰৰ সমীপৰ পাৰ্চভনাথ প্ৰেষ্টিজ আৰু পূৰ্বাঞ্চল চিলভাৰ চিটিত থাকিব বিচৰা নিৱাসীসকলক উক্ত দিনটোত খাদ্য আৰু খোৱা পানীৰ যোগান ধৰা হ’ব।
উল্লেখ্য যে, ভাৰতৰ কুটুব মীনাৰতকৈ ওখ এই ছুপাৰটেক টুইন টাৱাৰ দুটা দেশখনৰ ভিতৰত ধ্বংস হ’ব লগা পহিলা বৃহৎ অট্টালিকা।
লগতে মুম্বাইস্থিত এডিফিছ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ সহযোগী ফাৰ্ম দক্ষিণ আফ্ৰিকাস্থিত জেট ডিম’লিচনক এই অট্টালিকা ধ্বংস কৰাৰ দায়িত্ব দিয়া হৈছে।