মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে একত্ৰিত হ’ল দুই গগৈ

Share

ডিজিটেল ডেস্ক, মাৰ্চঃ মাজুলীত উপ নিৰ্বাচনৰ গৰম বতাহ বলিছে, তুংগত উঠিছে শাসক-বিৰোধী নিৰ্বাচনী প্ৰচাৰ অভি়যান।ক্ৰমাত আৰু অধিক আকৰ্ষণীয় ৰূপত এতিয়া মাজুলীৰ উপ-নিৰ্বাচন।মাজুলিৰ উপ-নিৰ্বাচন যেন মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণলৈহে পৰিণত হোৱাৰ তুলনামূলক বাখ্যা ।অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ  মিত্ৰজোঁটৰ  প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু আনফালে বিজেপি প্ৰাৰ্থী ভুৱন গাম ।দুয়োৰে মাজত তুমূল প্ৰতিদ্বন্দিতা ।যেন এইখন সভ্যতা-সংস্কৃতিৰ যুজঁ নহয়,মহাভাৰত খ্যাত কুৰূক্ষেত্ৰৰ কৌৰৱ-পাণ্ডৱৰহে যুজঁ।

লক্ষণীয় বিষয়টো হ’ল ২০২১চনৰ নিৰ্বাচনৰ সময়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনোধৰণৰ মিত্ৰতা স্থাপন হোৱা নাছিল যাৰ বাবে এতিয়া আন এটি বিষয়ে সামাজিক মাধ্যমত এক বিশেষ চৰ্চা লাভ কৰিছে । দুয়ো গগৈ হ’ল একলগ ।সম্প্ৰতি এতিয়া বিজেপিক পৰাভূত কৰিবলৈকেই যেন উঠি পৰি লাগিছে অসম জাতীয় পৰিষদ তথা ৰাইজৰ দল । তাতোকৈ আচৰিত কথাটি হ’ল দুয়ো গগৈ একলগ হৈ এতিয়া ক্ৰমে চিত্তৰঞ্জন বসুমতাৰীৰ হৈ যুধিষ্ঠৰ আৰু ভীম ৰূপত থিয় দি ভাতৃদ্বয়ৰ মুখ্য ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে । বিজেপিক পৰাভুত কৰি মাজুলীত বিজয়ৰ জয়ধ্বজা উৰুৱাৰ স্বাৰ্থতেই যেন এই মিত্ৰতা দুই গগৈৰ । উল্লেখনীয় যে , ভূৱন গাম আৰু চিত্তৰঞ্জন বসুমতাৰীৰ মাজত মাজুলিৰ এই নিৰ্বাচনী যুঁজত কোনে উৰুৱাব শেষ ধ্বজা সেইয়া সময়তহে হ’ব এক লক্ষণীয় বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *