নেশ্যনেল গেমছত জিলিকিল দুগৰাকী অসম কন্যা

Share

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই  প্ৰতিভাবান মহিলা বস্কাৰে ।  গুজৰাটত চলি থকা ৩৬ সংখ্যক নেশ্য়নেল গেমছত চমকপ্ৰদৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলিনা বৰগোঁহাই আৰু অংকুশিতা বড়োয়ে । আশা কৰা ধৰণেৰে  মহিলাৰ ৱেণ্টাৰৱেইট শাখাত নিজৰ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই হাৰিয়ানাৰ স্বীতি বুৰাক পৰাস্ত কৰি স্বৰ্ণ  জয় কৰিলে অসমৰ  জীয়ৰী টকি’অ অলিম্পিকৰ ব্ৰঞ্জ পদক  জয়ী  লাভলিনা বৰগোঁহাই ।

ইফালে ইয়াৰ পূৰ্বে  আজিৰ দিনটোতে নেশ্য়নেল গেমছত মনিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে আনএগৰাকি অসম কন্যা অংকুশিতা বড়োয়ে । উল্লেখযোগ্য যে অসমৰ আন তিনিগৰাকি প্ৰতিভাৱান বস্কাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো , ফাইলাও বসুমতাৰীয়ে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *