পুনৰ নতুন নিয়ম নিৰ্ধাৰণ কৰিছে টুইটাৰে

Share

২০২২ চনৰ ১৪ এপ্ৰিলত টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছিল এলন মাস্কে ।তাৰ পিছতেই নিতৌ নতুন নিয়মেৰে সংবাদ জগতত শীৰ্ষস্থান দখল কৰি আহিছে টুইটাৰে । ব্লু টিকৰ বাবেও এতিয়া টুইটাৰ ব্যৱহাৰকাৰীসকলে দিব লাগিছিল মাচুল।একেদৰে দাম নিৰ্ধাৰণ কৰা হৈছিল গ্ৰে, আৰু গোল্ড্ন টিকৰ বাবেও ।উল্লেখ্যযোগ্য যে , এতিয়াৰে পৰা মাইক্ৰব্লগিং ছাইট টুইটাৰত বিভিন্নধৰণে প্ৰবন্ধ পঢ়াৰ বাবেও ব্যৱহাৰকাৰীসকলে আদায় দিব লাগিব মাচুল।টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে টুইটযোগে প্ৰকাশ কৰামতে আগন্তক মাহৰ পৰা মিডিয়া প্ৰকাশকসকলে তেওঁলোকৰ বিভিন্নধৰণৰ প্ৰবন্ধৰ বাবদ টুইটাৰ ব্যৱহাৰ কৰা সকলৰ পৰা মাচুল আদায় লব পাৰিব।

এনে প্ৰবন্ধ পঢ়াৰ বাবে টুইটাৰ ব্যৱহাৰকাৰীসকলে মাহেকীয়া ছাবক্ৰিপচন লব পাৰিব ।ছাবক্ৰিপচন নোলোৱা ব্যৱহাৰ কৰা লোক সকলে তেওঁলোকৰ পছন্দৰ প্ৰবন্ধ পঢ়াৰ বাবে সুকীয়াকৈ আদায়ৰো সুবিধা পাব।এই সিন্ধান্তৰ মিডিয়া সংস্থা আৰু সাধাৰণ নাগৰিকৰ বাবে এক বৃহবিজয় বুলি ঘোষণা কৰিছে এলন মাস্কে। 

Leave a Reply

Your email address will not be published. Required fields are marked *