ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা IPFT ৰ প্ৰধান নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাৰ দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল মন্ত্ৰী গৰাকী। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন ৰাজনীতিবিধ গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ । উল্লেখ্য যে ৩০ ডিচেম্বৰত এন চি দেৱবাৰ্মাক ব্ৰেইন ষ্ট্ৰোকৰ বাবে গোবিন্দ বল্লভ পন্ত চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তী কৰোৱা হৈছিল।
২০১৮ চনত চিপিআই-এম নেতৃত্বাধীন বাওঁ মৰ্চা পৰাস্ত কৰি বিজেপিৰে সৈতে IPFT মিত্ৰজোঁটৰ চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল এন চি দেৱবাৰ্মাই ।এন চি দেৱবাৰ্মাই চৰকাৰ গঠনৰ পিছত ৰাজহ আৰু বন বিভাগৰ মন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি মৃত্যু পৰ্যন্ত সেই পদত অধিষ্ঠিত হৈ আছিল তেওঁ।প্ৰবীন নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।