ত্ৰিপুৰা বিজেপিত আৰম্ভ হৈছে খহনীয়া

Share

ছাদ্দাম হুছেইন, ৭ অক্টোৱৰঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ চৰকাৰত আৰম্ভ হৈছে খহনীয়া। ক্ৰমে জনপ্ৰিয়তা হ্ৰাস হবলৈ ধৰিছে নৰেন্দ্ৰ মোডী বিজেপিৰ। বিজেপিৰ হৈ সেৱা আগবঢ়োৱাটো আৰু বিজেপিৰ বিধায়ক নিৰ্বাচিত হৈ থকাৰ বাবে অনুসোচনাত ভূগি দল ত্যাগ কৰিলে ত্ৰিপুৰাৰ এজন বিজেপি বিধায়কে।

কেৱল দল ত্যাগেই নহয় বিজেপিত থাকি ৰাজহুৱাভাৱে মুণ্ডন কৰি দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে দীৰ্ঘকালৰ বিজেপি বিধায়ক আশিস দাস।

কেইদিনমান পূৰ্বে বিজেপি ত্যাগ কৰি আশিস দাসে তৃণমুল কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ চলাইছিল। এই প্ৰচাৰ সত্য প্ৰমাণ কৰি আশিস দাসে পশ্চিমবংগৰ কালীঘাট কালী মন্দিৰত ৰাজহুৱাকৈ মুণ্ডন কৰি বিজেপি ত্যাগ কৰে। তেওঁ মমতা বেনাৰ্জীক বংগৰ মাতৃ, মাটি, মানুহৰ প্ৰকৃত নেতা বুলি উল্লেখ কৰি কয় যে, মমতা বেনাৰ্জী  পৰৱৰ্তী সময়ত দেশৰ প্ৰধান মন্ত্ৰী হলে প্ৰতিজন বাঙালীৰ গৌৰৱৰ  কাৰণ হব।

ইয়াৰোপৰি শাসকীয় দল বিজেপিৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ উজাৰি তেওঁ কয় যে বিজেপিত যোৱাটোৱেই আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। সেয়ে তেওঁ পশ্চিম বংগৰ কালীঘাট মন্দিৰত মুণ্ডন কৰি নিজকে শুদ্ধ কৰা বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *