আজি ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান দিছে তৃণমূল কংগ্ৰেছে

Share

আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। ২৫ বছৰীয়া বামপন্থী শাসনৰ অন্ত পেলাই ২০১৮ চনত আৰম্ভ হৈছিল বিজেপিৰ শাসন। ত্ৰিপুৰাৰ ৬০টা সমষ্টিৰ ৩৬.৭৪  লাখ লোকে এক পৰিৰ্তনৰ আশাত বিজেপিক জয়ী কৰাইছিল। কিন্তু এতিয়া বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে তৃণমূল কংগ্ৰেছ। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ২.৮ কোটি ভোটৰে নিৰ্ণয় কৰিব আজি ২৫৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। বৰ্তমান ত্ৰিপুৰাত মানিক শ্বাহা চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে। যদিও সমান্তৰালভাৱে সন্মুখীন প্ৰত্যাহ্বান হিচাপে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে। 

উল্লেখযোগ্য যে,  উত্তৰ-পূৱৰ আন দুই ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ সৈতে একেলগে ২মাৰ্চত হব ত্ৰিপুৰা নিৰ্বাচনৰ ভোট গণনা ইয়াৰ লগতে ৩মাৰ্চত ঘোষণা কৰা হব নিৰ্বাচনৰ ফলাফল।  

Leave a Reply

Your email address will not be published. Required fields are marked *