আজিৰ পৰা আদানিৰ হাতলৈ হস্তান্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ

Share

বন্দনা হাজৰিকা, অক্টোবৰ৮ঃ আজি আনুষ্ঠানিকভাৱে ব্যক্তিগত খণ্ডৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰ। এতিয়াৰে পৰা আদানি গ্ৰুপৰ অধীনত থাকিব উওৰ-পূবৰ একমাত্ৰ বিমান বিন্দৰটো।আজি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সঞ্চালক ৰমেশ কুমাৰে বিমান বন্দৰটোৰ সাংকেতিক চাবি নতুন মুখ্য বিমান বন্দৰ বিষয়া উৎপল বৰুৱাক অৰ্পণ কৰে।ইয়াৰ লগে লগেই এতিয়াৰ পৰা বিমান বন্দৰটোৰ সকলো দায়িত্ব আদানি গ্ৰুপৰ হাতলৈ গ’ল। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনতেই দেশৰ ৬টা বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *