দুদিনৰ বাবে মণিপুৰত বাতিল ৰে’ল সেৱা

Share

বুধবাৰৰ পৰা মণিপুৰত অব্যাহত জনজাতি-অজনজাতিৰ মাজত চলি থকা সংঘৰ্ষই মণিপুৰত বিক্ষিপ্তভাৱে হিংসাত্মক ৰূপ লৈছে।  সংখ্যালঘু মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতি দাবীক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ মণিপুৰ। চূড়াচান্দৰ পৰা আৰম্ভ হৈ ৰাজ্যখনৰ ৮ খন জিলা বৰ্তমান জ্বলি উঠিছে । অগ্নিগৰ্ভ কৰা হৈছে কেইবাটাও ঘৰ  এনে ভয়ানক পৰিস্থিতিৰ বাবে ইতিমধ্যে ৰাজ্যখনত ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি দুদিনৰ বাবে ৰাজ্যখনত বাতিল কৰা হৈছে ৰে’ল সেৱা।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। ৰাজ্যখনলৈ যাবলগীয়া উত্তৰ-পূৱ সীমান্তৰ সকলো ৰে’ল চলাচল বন্ধ কৰা হৈছে। মণিপুৰ চৰকাৰৰ অনুৰোধৰ পাছত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান মণিপুৰলৈ চলাচল কৰা ৪ খনকৈ ৰে’ল চলাচল বাতিল কৰা হৈছে।

মণিপুৰৰ শেহতীয়া ঘটনাত  কেইবাটাও পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে। আতংকগ্ৰস্ত লোকসকলক কাছাৰ জিলাত আশ্ৰয় শিবিৰৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই টুইটযোগে কাছাৰৰ জিলা প্ৰশাসনক মণিপুৰৰ আশ্ৰিত পৰিয়ালসমূহৰ যত্ন ল’বলৈ অনুৰোধ জনায়। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *