পুনৰ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ট্ৰেডিং প্ৰৱঞ্চক স্বপ্ননীল দাস

Share

পুনৰ তিনিদিনৰ বাবে দিছপুৰ আৰক্ষীৰ জিম্মাত ট্ৰেডিং প্ৰৱঞ্চক স্বপ্ননীল দাস।তদন্তকাৰী আৰক্ষীয়ৰ গোপনসূত্ৰই প্ৰকাশ কৰা তথ্য মতে-লোকৰ টকাৰে ৰাজকীয় জীৱন যাপন কৰা স্বপ্ননীল দাসৰ আছে বহু আন্তঃৰাষ্ট্ৰীয় চক্ৰৰে সম্পৰ্ক। স্বপ্ননীল দাসে মালেচিয়া, ডুবাই, আমেৰিকাতো ধন বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে।

উল্লেখ্য যে গুৱাহাটীত ট্ৰেডিং প্ৰশিক্ষণৰ শৈক্ষিক প্ৰতিষ্ঠান খুলি স্বপ্ননীল প্ৰৱঞ্চনাত জড়িত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ বিনিয়োগকাৰীয়ে। বিগত দুদিন ধৰি দিছপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰতীক থুবেই স্বপ্ননীল দাসক মাৰাথন জেৰা চলাই। জেৰাত আৰক্ষীয়ে লাভ কৰিছে স্বপ্ননীল এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰে জড়িত থকাৰ তথ্য।

শুকুৰবাৰে দিছপুৰ আৰক্ষীৰ জিম্মাৰ দুদিনৰ ম্যাদ উকলি যোৱাত বিয়লি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় স্বপ্ননীল দাসক। তাৰ পিছত পুনৰ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ লোৱা হয় স্বপ্ননীলক। পূৰ্বতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল স্বপ্ননীল দাসক। সোমবাৰে আৰক্ষীয়ে কেচ ডায়েৰী দাখিল কৰিব লাগিব আদালতত।  

ইয়াৰ ওপৰি সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান ND24 ত স্বপ্ননীল দাসৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত স্বপ্ননীল দাসৰ গুণ্ডাবাহিনীয়ে ND24ৰ কাৰ্যালয় জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় আলিন হুছেইনক। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে-‘কোনেও কাৰ্যালয় জ্বলাব নোৱাৰে। অসমৰ আইন হাতত তুলি লোৱাটো ইমান সহজ নহয়। এইখন অসম বেলেগ অসম, এইবোৰ পুৰণি কথা আছিল।’

Leave a Reply

Your email address will not be published. Required fields are marked *