দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ড’নাল্ড ট্ৰাম্পৰ। ট্ৰাম্পে বাতিল কৰিলে বাইডেনৰ দিনত লোৱা ৭৮টা সিদ্ধান্ত। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ সদস্য পদ ত্যাগ আমেৰিকাৰ। পেৰিছ জলবায়ু চুক্তিৰ পৰাও আঁতৰিব আমেৰিকা। কেপিটল হিলছ আক্ৰমণৰ ১৫০০ অভিযুক্তক ক্ষমা দান। ফেব্ৰুৱাৰীৰ পৰা মেক্সিক’-কানাডাৰ ওপৰত ২৫ শতাংশ শুল্ক। আমেৰিকাত তৃতীয় লিংগক অমান্য ঘোষণা। আমেৰিকা-মেক্সিক’ সীমান্তক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা। আঁতৰালে ‘টিক-টক’ৰ ওপৰত থকা নিষেধাজ্ঞা। প্ৰথম অৱস্থাত ৭৫ দিনলৈকে সময়সীমা বৃদ্ধি। অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ট্ৰাম্প। আমেৰিকাৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ বাবে ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ট্ৰাম্পৰ। আমেৰিকাৰ জনগাঁথনিত প্ৰভাৱ পেলোৱা ১৮ হাজাৰ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান আৰম্ভ। অতি শীঘ্ৰেই এই লোক সকলে ত্যাগ কৰিব লাগিব আমেৰিকা। ইয়াৰ সমান্তৰালকৈ আমেৰিকাৰ প্ৰব্ৰজনকাৰীৰ জন্মসূত্ৰে নাগৰিকত্ব লাভৰ সাংবিধানীক ব্যৱস্থাও বাতিল ট্ৰাম্পৰ। অৰ্থাৎ কোনো প্ৰব্ৰজনকাৰীৰ সন্তান আমেৰিকাত জন্ম লাভ কৰিলেও সেই সন্তানক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব প্ৰদান কৰা ন’হব।