খালীস্তানী সমৰ্থক ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতা অমৃতপাল সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ

Share

পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি এমাহৰো অধিক দিন পলাই আত্মগোপন কৰি অহা বিচ্ছন্নতাবাদী সংগঠন তথা খালীস্তানী সমৰ্থক ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতা অমৃতপাল সিঙক আজি পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড়লৈ আনি চেণ্টেল জেললৈ প্ৰেৰণ কৰে। পঞ্জাৱৰ মোগাত আজি পুৱা আৰক্ষীয়ে ৱাৰিছ পঞ্জাৱ  দে’ৰ শীৰ্ষ নেতা গৰাকীক তটাতয়াকৈ ভাটিন্দা বিমান বন্দৰৰ পৰা পুৱা ৮-৩০ বজাত বায়ু সেনাবাহিনীয়ে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ আনে। বিশেষ বিমানখনেৰে ডিব্ৰুগড় বিমানবন্দৰত দুপৰীয়া ২-২০ বজাত অমৃতপাল সিঙক লৈ নিশ্চিদ্ৰ নিৰাপত্তাৰে ১২খন গাড়ীৰ কনভয়েৰে তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনে।

খালীস্তানৰ উপ সমৰ্থকগৰাকীৰ আগমনক লৈ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা কাৰাগাৰলৈ সমগ্ৰ পথছোৱাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। ডিব্ৰুগড় চেণ্টেল জে’লৰ ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতা গৰাকী আলহী হোৱাৰ লগে লগে জেলখনত বন্দী হৈ থকা বিচ্ছন্নতাবাদী সংগঠনটোৰ সদস্যৰ সংখ্যা ১০জনলৈ বৃদ্ধি হয়। খালিস্তানৰ দাবীক এক নতুন গতি দিবলৈ গা কৰি উঠা ৱাৰিছ পঞ্জাৱ দে’ৰ শীৰ্ষ নেতাগৰাকীক জেৰা কৰিবলৈ নতুন দিল্লীৰ ‘ৰ’ আৰু ‘আই বি’ৰ দল ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হোৱা বুলি জানিব পোৱা গৈছে। পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে অমৃতপাল সিঙৰ সম্পৰ্ক পুজিৰ ভেটি তথা  সমৰ্থকসকলৰ সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাসমূহে তেওঁক কাইলৈৰ পৰা জেৰা কৰিব। 

অমৃতপাল সিঙক ডিব্ৰুগড়লৈ অনাৰ পূৰ্বে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰ ডিব্ৰুগড় চেণ্টেল জে’লত উপস্থিত হৈ কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ পুনৰ পৰ্যালোচনা কৰে। লগতে পুৱাৰে পৰা আৰক্ষী আৰু চি আৰ চি এফৰ কামাণ্ডোৱে কাৰাগাৰত অৱস্থান কৰে 

Leave a Reply

Your email address will not be published. Required fields are marked *