আজিৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ আৰম্ভ

Share

সুপ্রিয়া তৰফদাৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে আজিৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক আৰম্ভ হ’ব। উল্লেখযোগ্য যে অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰলৈ আয়োজক মহানগৰত ক্ৰীড়া মহোৎসৱ চলি থকাৰ সময়ত জৰুৰী অৱস্থা বলবৎ আছে।সংক্ৰমণৰ বাবে জৰুৰী অৱস্থাৰ লগতে কঠোৰ নিষেধাজ্ঞা বলবৎ থকাৰ ফলত টকিঅ’ত নাই উৎসৱমুখৰ পৰিবেশ।
আজি মহানগৰখনৰ প্রায় ১‌‌.৪ কোটি লোক ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। তেওঁলোকে কেৱল টেলিভিছনতহে খেল উপভোগ কৰিব পাৰিব। টকিঅ’ মহানগৰত সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত ষ্টেডিয়ামত স্থানীয় দৰ্শকৰো প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বিদেশী দৰ্শকৰ প্রৱেশত আগতেই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।ইফালে সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ উদ্দ্বোধনী অনুষ্ঠান পূৰ্বৰ দৰে বৰ্ণাঢ্য নহ’ব।
উদ্দ্বোধনী অনুষ্ঠানৰ কাৰ্য্যকৰী নিৰ্মাতাৰ এজন উপদেষ্টাই প্ৰকাশ কৰে যে, উদ্দ্বোধনী অনুষ্ঠানত এইবাৰ নৃত্যৰ পৰা আতচবাজীলৈকে বিভিন্ন ধৰণৰ আড়ম্বপূৰ্ণ কাৰ্যসূচী দেখা পোৱা নাযাব। ইয়াৰ পৰিবৰ্তে উদ্দ্বোধনী সমাৰোহ এটা সৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ’ব য’ত এক সন্মানজনক সমাৰোহ হ’ব আৰু ইয়াত জাপানৰ সৌন্দৰ্য শাস্ত্ৰৰ সমাহাৰ ঘটিব। কৰ’নাৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি এই অনুষ্ঠানত পূৰ্বৰ দৰে বিভিন্ন দেশৰ খেলুৱৈ তথা প্ৰতিনিধিৰ বৃহৎ দলেও অংশগ্ৰহণ নকৰে অলিম্পিকত ভাগ লোৱা দেশসমূহৰ যিমান পাৰে সৰু দলহে অংশগ্ৰহণ কৰিব।

ভাৰতৰ পৰা মাত্ৰ ২০ জন এথলীট তথা ছজন বিষয়ববীয়াই ইয়াত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিদেশৰ প্রায় ১৫ জন নেতাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ইফালে এথলীটৰ বাবেও কঠোৰ কভিড -১৯ নিয়ম বলবৎ কৰা হৈছে৷ খেলুৱৈক কেৱল গেমছ্ ভিলেজ আৰু ষ্টেডিয়াম তথা খেল হোৱা স্থানলৈহে যোৱাৰ অনুমতি দিয়া হৈছে। ইয়াৰ লগতে নিতৌ কৰ’না পৰীক্ষা কৰিব লাগিব। আনহাতে জয়ী হোৱা খেলুৱৈক এইবাৰ পডিয়ামত কোনেও ডিঙিত পদক পিন্ধাই নিদিয়ে। তেওঁলোকে নিজে নিজে পদক পিন্ধিব লাগিব আৰু তেওঁলোকে মেডেলত চুম্বনো কৰিব নোৱাৰিব সেই সময়ত মাস্ক পিন্ধিটো বাধ্যতামূলক, কৰ’নাৰ নিয়ম উলংঘা কৰা খেলুৱৈক নিজৰ দেশলৈ ওভতাই পঠিওৱা হ’ব। অলিম্পিকৰ ৮ আগষ্টত অন্ত পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *