আজিৰ নাৰীয়ে সকলো দিশত উচ্চতা অৰ্জন কৰিছেঃৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Share
দেশত নাৰীৰ ওপৰত ধৰ্ষণ, হত্যা,যৌতুক বিচাৰি অত্যাচাৰ অতীতৰে পৰা চলি আহিছে,বৰ্তমান সময়লৈকে চলি আছে। শাসনাধিস্ত চৰকাৰ খনে নাৰীৰ সুৰক্ষাক লৈ বহুত কথা কয় কিন্তু এই কথা কাৰ্যক্ষেত্ৰতহে পৰিলক্ষিত হোৱা নাই। প্ৰতিদিনে নাৰীৰ ওপৰত অত্যাচাৰ চলি থকাৰ সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে নাৰী শক্তিক প্ৰশংসা কৰে । 
আজি নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত আৰ্মি ৱাইভছ ৱেলফেয়াৰ এছচিয়েশ্যনৰ দ্বাৰা এটা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু।অনুষ্ঠানত উপস্থিত থাকি তেওঁ নাৰী শক্তিক প্ৰশংসা কৰে ।আনহাতে,এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু পত্নী সুদেশ ধনখৰৰ লগতে বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি ৰাজ্যিক মন্ত্ৰী মীনাকাশী লেখিয়ে।
ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে মহিলা সকলে কেইবাটাও প্ৰতিকূলতা অতিক্ৰম কৰি “মিছাইলৰ পৰা সংগীতলৈকে” বিভিন্ন ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে আৰু লগতে তেওঁ কয় যে সকলো ‘বীৰ নাৰিছ’ক তেওঁলোকৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এডব্লিউডব্লিউএৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছো।
আনহাতে,ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত নাৰীৰ শক্তিক প্ৰশংসা কৰাৰ লগতে সমাজ আৰু দেশৰ প্ৰগতিত মহিলাসকলে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *