গুৱাহাটী,৩১ জানুৱাৰী:আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফি।টাই আহোমসকলে পৰম্পৰাগত ৰীতি-নীতিৰে উপৰিপুৰুষক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে।পবিত্ৰ অনুষ্ঠানটোৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উখল-মাখল পৰিৱেশ।কি উজনি কি নামনি সকলো ৰাজ্যতে আজি মে-ডাম-মে-ফি পালন কৰাৰ লগতে স্মৰণ কৰিছে পূৰ্বপুৰুষক।ইয়াৰোপৰি শিৱসাগৰ জিলাৰ গড়গাঁৱৰ কাৰেংঘৰ,শিৱসাগৰৰ তলাতল ঘৰ,চৰাইদেউৰ ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগন,লেচাই মৈদাম,সোণাৰি নগৰ,জলাহ গাঁও,মাহমৰাৰ জজলি পাঁচআলি আদি এলেকাৰ স্থানীয় ৰাইজে আৰু বিভিন্ন দল-সংগঠনে আজি স্মৰণ কৰিছে উপৰিপুৰুষক।
আনফালে টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ টাইপাই মাহমৰা,সাপেখাতী,লংপতীয়া আদি অঞ্চলতো আজি মে-ডাম-মে-ফি উদযাপন কৰিছে।ধেমাজিৰ কছাৰী ময়দানতো সদৌ টাই আহোম ছাত্ৰ সস্থাই মে-ডাম-মে-ফি উদযাপন কৰিছে।গুৱাহাটীতো বিভিন্ন দল-সংগঠনে মে-ডাম-মে-ফি উদযাপন কৰিছে।আনহাতে বৃহত্তৰ হেঙেৰাবাৰী মে-ডাম-মে-ফিৰ উদযাপন সমিতিয়ে হেঙেৰাবাৰীৰ ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত পালন কৰিছে পবিত্ৰ উৎসৱতো।
উল্লেখযোগ্য যে,পূব গুৱাহাটী টাই আহোম সাংস্কৃতিক সমাজে বামুণীমৈদামৰ ৰে’লৱে কলনিৰ হলংহফি প্ৰাংগণত মে-ডাম-মে-ফি পালন কৰিছে।মে-ডাম-মে-ফিৰ তৰ্পণৰ সমান্তৰালভাৱে চিত্ৰাংকণ প্ৰতিযোগিতা,আলোচনাচক্ৰৰো আয়োজন কৰিছে আয়োজকসকলে।লক্ষীমপুৰতো উলহ-মালহেৰে মে-ডাম-মে-ফি উদযাপন কৰিছে টাই আহোমসকলে।