আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস

Share

বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস হৈছে ২০০৬চনৰ AWEA আৰু CMS সচিবালয়ৰ দ্বাৰা আৰম্ভ কৰা এক বিশেষ পদক্ষেপ।পৰিভ্ৰমী পক্ষীৰ পৰিৱেশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে অন্যতম ভূমিকা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ।শীতকালত উদ্যান খনলৈ আগমন হোৱা ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এক নান্দনিক পৰিৱেশ গঢ়ি তোলে।বিশেষকৈ ধৃতৰাজ,দেওহাঁহকে ধৰি ভিন্ন প্ৰজাতিৰ পক্ষীৰ জাকে অগৰাতলি বনাঞ্চলৰ চহলা বিল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।ইয়াৰ উপৰিও পেলিকান পক্ষীবোৰে সুৱগা চৰায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহত।যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পক্ষী পৰ্যটনৰ দিশতো হৈ পৰিছে বিশ্ব বিখ্যাত।যিহেতু সময়ৰ গতিত বহু পৰিভ্ৰমী পক্ষীসমূহ বিলুপ্তিৰ দিশত। সেয়েহে সময় থাকোতেই এই পৰিভ্ৰমী পক্ষীসমূহৰ সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে এই দিৱস পালন কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *