৯৩ সংখ্যক শংকৰ সংঘ অধিৱেশনৰ আজি দ্বিতীয়টো দিন

Share

ৰঙিয়াত অনুষ্ঠিত ৯৩তম শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ আজি  দ্বিতীয়টো দিন ৷ পুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ ঘটিছে হাতীখলা পথাৰত ৷সকলো ভক্তৰ মুখে মুখে কেৱল হৰিৰ নাম ৷ উখল-মাখল পৰিৱেশেৰে চলি আছে দিনৰ কাৰ্যসূচী ৷এই কাৰ্যসূচীৰ বাবে ভীক্ষণ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ভকত অথবা আই-মাতৃ সকল ৷ অধিৱেশনস্থলীত এতিয়া বিশেষ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে গ্ৰন্থমেলাৰ বাকৰিত বিশেষভাৱে তৈয়াৰ কৰা চক্ৰবেহু৷ এই চক্ৰবেহুত সোমাবলৈ ভিৰ কৰিছে একাংশ লোকে ৷ এই চক্ৰবেহুটো এনেকৈ সাঁজি উলিয়াইছে যাতে এবাৰ সোমালে উলাবলৈ কঠিন হয় ৷ বৰ্তমান চক্ৰবেহুত সোমাই আনন্দিত হৈ পৰিছে ভক্তগণ, আই-মাতৃ তথা শিশুসকল ৷ তাৰ লগে লগে চলি আছে অভ্যৰ্থনাৰ কাৰ্ষসূচী ৷ মুঠতে বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙিয়া ৯৩তম শংকৰ সংঘৰ  অধিৱেশনৰ দ্বিতীয় দিন।

   

Leave a Reply

Your email address will not be published. Required fields are marked *