আজি সমগ্ৰ দেশতে সনাতনী লোকসকলৰ আৰাধ্য ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। প্ৰতিবছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা এই উৎসৱ পালন কৰা হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে জন্মাষ্টমী। কৃষ্ণ বন্দনাত মুখৰ হৈ পৰিছে সমগ্ৰ আকাশ বতাহ। জন্মাষ্টমী উপলক্ষে কৃষ্ণ বন্দনা, নাম-প্ৰসংগৰে মুখৰ হৈ পৰিছে সমগ্ৰ দেশ। অসমৰ সত্ৰ নামঘৰ সমুহতো আজিৰ দিনটো উলহ-মালহেৰে পালন কৰা হয়। ইতিমধ্যে পুৱাৰে পৰা সত্ৰ নামঘৰ সমুহ কৃষ্ণৰ নাম কীৰ্তন আৰু শ্ৰৱনেৰে মুখৰিত হৈ পৰিছে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ আৰু উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত দেশবাসীক জন্মাষ্টমীৰ শুভেচ্ছা জনাইছে। ঢেঁকীয়া খোৱা বৰ নামঘৰ, মইনাপৰীয়া বৰ নামঘৰ, আঠখেলীয়া নামঘৰ, বৰপেটা সত্ৰ, বৰদোৱা থানকে ধৰি মাজুলীৰ সত্ৰে সত্ৰে পালন কৰা হৈছে জন্মাষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বহি ৰাজ্যতো পালন কৰা দেখিবলৈ পোৱা গৈছে জন্মাষ্টমী।