ডিজিটেল ডেস্কঃ আজি ভগৱান শ্ৰী কৃষ্ণ জন্মাষ্টমী । এই পবিত্ৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষ্ণ ভক্তিত নিমজ্জিত হৈছে ভক্তপ্ৰাণ ৰাইজৰ। আজি পুৱাৰে সত্ৰ, নামঘৰসমূহত বিভিন্ন নামকীৰ্ত্তনৰে মুখৰিত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী আয়োজন কৰা হৈছে।
সত্ৰ নগৰী মাজুলী, ঢেকীয়াখোৱা, আঠখেলীয়া, বৰপেটাকে ধৰি বহু সত্ৰ, নামঘৰসমূহলৈ পুৱাৰে পৰা ভক্ত আগমণ ঘটিছে। একেদৰে শ্ৰী কৃষ্ণ লীলা, মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্যে কেইবাটাও উল্লেখনীয় নামঘৰত বিভিন্ন কাৰ্যসূচীৰ লগতে ভাগৱত পাঠ আয়োজন কৰা হৈছে।