বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ আজি ৯২ সংখ্যক জন্মদিন

Share
বিশিষ্ট সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ৯২ সংখ্যক জন্মদিন।বিশ শতিকাৰ পৰা একবিংশ শতিকাৰ সময়লৈকে তেওঁ অসমীয়া জাতীয় জন-জীৱনৰ বাবে বহুখিনি কাম কৰি থৈ গৈছে।অৰ্থা९ এজন অভিভাৱক বা পদ প্ৰদৰ্শক হিচাপে অসমীয়া জাতিক বাদ দেখুৱাই থৈ গৈছে।ইয়াৰোপৰি হোমেন বৰগোহাঞি একাধাৰে সাহিত্যক,শিক্ষাবিদ,বুদ্ধিজীৱী,সাংবাদিক আৰু এজন একনিষ্ঠ সমাজ সেৱক আছিল।আনহাতে,সৃষ্টিশীল আৰু সমৃদ্ধিশালী ৰচনাৰে জাতীয় সাহিত্যক বিশ্বৰ আগত সফলতাৰে দাঙি ধৰিছিল হোমেন বৰগোহাঞি।এই গৰাকী বিশিষ্ট সাহিত্যিকৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান।এই অনুষ্ঠানত ২০২৩ বৰ্ষৰ ২৩ গৰাকী সাহিত্যিকক প্ৰদান কৰা হ’ব পেন্সন।উক্ত অনুষ্ঠানখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিক তেওঁৰ ৯২ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *