আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী

Share
লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে লোক কল্যাণ দিৱস আয়োজন। গোপীনাথ বৰদলৈৰ সমাধিস্থলীত জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান । উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে আজি নৱগ্ৰহস্থিত তেখেতৰ সমাধিস্থলত বৰেণ্য সত্তাগৰাকীক মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন। স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা আমাৰ দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল। অসমৰ স্বকীয় পৰিচয় প্ৰদান কৰা বৰদলৈদেৱলৈ ৰাজ্যবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই মই অত্যন্ত সৌভাগ্যশালী হিচাপে অনুভৱ কৰিছোঁ।
তদুপৰি আজি আলাবৈ ৰণৰ শ্বহীদসকলকো মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, য’ত আহোম সৈন্যই নিজৰ শৌৰ্য প্ৰদৰ্শন কৰি দেশপ্ৰেমৰ অতুলনীয় স্বাক্ষৰ বহন কৰিছিল।
অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ শ্ৰীমৃগেন শৰণীয়া, মাননীয়া উপ-পৌৰপতি শ্ৰীস্মিতা ৰায়, গোপীনাথ বৰদলৈদেৱৰ পুত্ৰ শ্ৰীবলিন বৰদলৈদেৱৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *