মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া…
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া…
আজি ৫ নৱেম্বৰ। সুধাকণ্ঠবিহীন ১৩টা বছৰ পাৰ হ’ল। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ আজি ১৩ সংখ্যক মৃত্যুবাৰ্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। আজি তেখেতৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিছে কেতবোৰ অনুষ্ঠান। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ। ভিন ভিন দল-সংগঠনৰ উপৰি অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হৈছে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী।ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।