আজি সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম বাৰ্ষিকী

Share
আজি সুভাস চন্দ্ৰ বসুৰ ১২৭তম  জন্ম বাৰ্ষিকীত পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ ৰাজ্যত। ৰাজ্য চৰকাৰৰ ভাষিক সংখ্যালঘু বোৰ্ডৰ উদ্যোগত আয়োজন কৰা হৈছে পৰাক্ৰম দিৱসৰ।এই উপলক্ষে অসমতো ভিন্ন  প্ৰান্তত নেতাজীক সুঁৱৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। লগতে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনালে বহুজনে।এই শুভ ক্ষণত গুৱাহাটী পল্টন বজাৰতো দেখা গ’ল সুভাষ চন্দ্ৰ বসুৰ বৰ্ণাঢ্য কাৰ্যসূচী।নেতাজীৰ জন্ম হয় ১৮৯৭ চনৰ ২৩ জানুৱাৰীৰ উৰিষ্যাৰ কটকতত। তেওঁ আছিল এজন স্বাধীনতা সংগ্ৰামৰ স্মৰণীয় কিংবদন্তি নেতা।১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু আছিল এজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা। পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।তেঁও এনেধৰণৰ নেতা আছিল যিয়ে গোটেই জীৱন সংগ্ৰামৰ বাবে উছৰ্গা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *