আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

Share
 আজি দেশজুৰি পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৱে এই দিৱসৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মুল বিষয় বস্তু হৈছে  ‘চন্দ্ৰ স্পৰ্শ কৰি জীৱনক স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী’।  ইয়াত সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
 চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰি লেণ্ডাৰ বিক্ৰমে চন্দ্ৰযান-৩ মিছনে সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰি ভাৰতে এই সফলতা অৰ্জন কৰা বিশ্বৰ চতুৰ্থ খন দেশ আৰু দক্ষিণ মেৰুত উপণিত হোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।
 সেয়ে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ উদযাপনৰ বাবে আজিৰ দিনটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *