আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

Share
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদ্দেশ্য হ’ল ভাৰতৰ গণতন্ত্ৰত এখন স্বতন্ত্ৰ সংবাদ মাধ্যমক গুৰুত্ব দিয়া।সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ,১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন হৈছিল,কিন্তু ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত  প্ৰেছ কাউন্সিলে এই দিনটোতে কাম আৰম্ভ কৰিছিল।বিধিগত আৰু অৰ্ধ-ন্যায়িক প্ৰতিষ্ঠান প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই সন্মান জনোৱাৰ বাবে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। আজিৰ দিনতোতে সংবাদ মাধ্যমে নৈতিকতা, সততা,আৰু স্বধীনতাক উদযাপন কৰে।ভাৰতৰ গণতন্ত্ৰলৈ সন্মান জনাই প্ৰেছ দিৱস পালন কৰা হয়।প্ৰেছ দিৱসতে সংবাদ মাধ্যমৰ স্বাধীনতা, কৰ্তব্য,জনতাৰ প্ৰতি থকা দায়িত্ব গ্ৰহণ কৰে।এই দিনটোত ভাৰতীয় প্ৰেছ পৰিষদে  সংবাদ মাধ্যমক অংশগ্ৰহণ কৰাকৈয়ে কিছুমান বিষয় উত্থাপন কৰি আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰে।ইয়াৰোপৰি তথ্য জনাৰ অধিকাৰ আইন ,বিভিন্ন ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱাৰ সময়ত সংবাদ মাধ্যমৰ ভুমিকা, দৃষ্টিভঙ্গী যে সাংবাদিকৰ মৌলিক কৰ্তব্য সেয়া ,প্ৰচাৰ কৰি জনসাধাৰণক সচেতন কৰি তোলে।যিহেতু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।  সংবাদ মাধ্যম হল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ,১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন হৈছিল। আজিৰ দিনটোতে সংবাদ মাধ্যমে নৈতিকতা, সততা,আৰু স্বাধীনতাক উদযাপন কৰে।ভাৰতৰ গণতন্ত্ৰলৈ সন্মান জনাই প্ৰেছ দিৱস পালন কৰা হয়।প্ৰেছ দিৱসতে সংবাদ মাধ্যমৰ স্বাধীনতা, কৰ্তব্য,জনতাৰ প্ৰতি থকা দায়িত্ব গ্ৰহণ কৰে।এই দিনটোত ভাৰতীয় প্ৰেছ পৰিষদে  সংবাদ মাধ্যমক অংশগ্ৰহণ কৰাকৈয়ে কিছুমান বিষয় উত্থাপন কৰি আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰে।ইয়াৰোপৰি তথ্য জনাৰ অধিকাৰ আইন ,বিভিন্ন ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱাৰ সময়ত সংবাদ মাধ্যমৰ ভুমিকা, দৃষ্টিভঙ্গী যে সাংবাদিকৰ মৌলিক কৰ্তব্য সেয়া ,প্ৰচাৰ কৰি জনসাধাৰণক সচেতন কৰি তোলে।যিহেতু সাংবাদিক সকল সমাজৰ দাপোন।

Leave a Reply

Your email address will not be published. Required fields are marked *