আজি ৰাষ্ট্ৰীয়  পযৰ্টন দিৱস

Share

প্ৰতি বছৰে ভাৰতত ২৫ জানুৱাৰীত তাৰিখে ৰাষ্ট্ৰীয় পযৰ্টন দিৱস পালন কৰা হয়। ভাৰতৰ সংস্কৃতি আৰু সৌন্দৰ্যৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। ২৭ ছেপ্তেম্বৰ তাৰিখে বিশ্ব পযৰ্টন পালন কৰা হয়।একে সময়তে ভাৰতে প্ৰতি বছৰে ২৫ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় পযৰ্টন দিৱস পালন কৰা হয়।দেশৰ বহুতো ঠাই আছে যিসমূহ দেখিবলৈ মনোমোহা কিন্তু সেই ঠাইসমূহত কোনো সংস্থাপনৰ উপায় নাই,গতিকে এনে ঠাইৰ মানুহ সম্পূৰ্ণৰুপে পযৰ্টনৰ ওপৰত নিৰ্ভৰশীল। পযৰ্টন দিৱসৰ জৰিয়তে ভাৰত তথা অসমৰ সুন্দৰ ঠাই , প্ৰাকৃতিক সৌন্দৰ্য এইসমূহ দেশ-বিদেশৰ আগত প্ৰচাৰ কৰা হয়। 

প্ৰতিবছৰে ৰাষ্ট্ৰীয় পযৰ্টন দিৱস এক নতুন থিমৰে উদযাপন কৰা হয়।”গ্ৰাম্য আৰু সম্প্ৰদায়কেন্দ্ৰিক পৰ্যটন” হৈছে এইবছৰৰ বিষয় বস্তু। ২০২২ বৰ্ষৰ বিষয় বস্তু আছিল “স্বাধীনতাৰ অমৃত মহোৎসৱ।”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *