আজি ৰাষ্ট্ৰীয় কন্যা দিৱস

Share

আজি সমগ্ৰ দেশজুৰি উদ্‌যাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা দিৱস।নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা ২০০৮ চনত পোনপ্ৰথমে ৰাষ্ট্ৰীয় কন্যা দিৱস উদ্‌যাপন কৰা হৈছিল।প্ৰতিবছৰে ২৪ জানুৱাৰীত ভাৰতত উদ্‌যাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা দিৱস।এয়া হৈছে কন্যা সন্তানৰ অধিকাৰ,শিক্ষা আৰু তেওঁলোকৰ কল্যানৰ ওপৰত আলোকপাত কৰাৰ বাবে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ দিৱস।লগতে এই দিনটো হৈছে কন্যাসন্তানৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা এটা দিন।এই দিৱসৰ মূল উদ্দেশ্য হ’ল কন্যা সন্তানসকলক সবলীকৰণৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা লগতে এনে এক পৰিৱেশৰ সৃষ্টি কৰা যত তেওঁলোকে লিংগ বৈষম্যৰ কোনো বাধা অবিহনে যাতে উন্নতি কৰিব পাৰে।ইয়াৰ উপৰিও এই দিৱসটোৰ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল কন্যা সন্তানৰ প্ৰতি সামাজিক মনোভাবৰ সলনি কৰা,কন্যা ভ্ৰণ হত্যাৰ দৰে সমস্যা সমাধান কৰা,লিংগ অনুপাত হ্ৰাস হোৱাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু কন্যা সন্তানৰ বাবে অধিক সামগ্ৰিক আৰু বৈধ পৰিৱেশ গঢ়ি তোলা।এই দিৱস উদ্‌যাপন সময়ত প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলৰ সফলতাৰ বাবে দেশ গৌৰৱাম্বিত।তেওঁ লগতে দাবী কৰে যে তেওঁৰ চৰকাৰে কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেইটো নিশ্চিত কৰিবলৈও সমানে দৃঢ়।লগতে প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰে শিক্ষা, প্ৰযুক্তি, দক্ষতা, স্বাস্থ্য সেৱা আদিৰ দৰে ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ই কন্যা সন্তানক সবলীকৰণ কৰাত অৰিহণা যোগাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *