আজি বিহুসম্ৰাট তথা গণ শিল্পী খগেন মহন্তৰ ৮২ সংখ্যক জন্ম বাৰ্ষিকী ৷ আজিৰ এই বিশিষ্ট শিল্পীগৰাকীৰ ওপজা দিনত স্মৰণ কৰিছে সমগ্ৰ অসমবাসীয়ে ৷ ঠায়ে ঠায়ে গীতে-মাতে সুঁৱৰিছে বিশিষ্ট শিল্পীগৰাকীক ৷ গণ শিল্পী খগেন মহন্তই অসমবাসীক যথেষ্ট পৰিমাণৰ অৱদান দি থৈ গৈছে ৷ যিবোৰ গীত আজিও প্ৰচলিত হৈ আছে প্ৰতিজন অসমীয়াৰ মূখে মূখে ৷ জীৱন কালত বিশিষ্ট শিল্পীগৰাকীয়ে অসমবাসীৰ মাজত বিহুসম্ৰাট হিচাপে পৰিচিত হৈছিল ৷ খগেন মহম্ত আছিল এজন গীতিকাৰ, সুৰকাৰ ৷ বিশিষ্ট শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ হ’ল- চৰাইৰ পাখিত , জোনটি ওলালে, বৰষুণৰ বতৰত ফুলতে পৰি ধৰি আন কেইবাটাও গীতত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে ৷১৯৯২ চনত শিল্পীগৰাকীক সংগীত নাটক একাডমী বঁটাৰে সন্মানীত কৰিছিল ৷ ইয়াৰ উপৰিও খগেন মহন্তই তেখেতৰ পত্নী অৰ্চনা মহন্তৰ সৈতে কেইবাটাও গীত গাই গৈছে ৷ আজি তেওঁৰ এই বিশেষ দিনটোত মন্ত্ৰী আৰু তেখেতৰ পুত্ৰ অংগৰাগ মহন্তৰ লগতে বিভিন্নজনে ওপজা দিনৰ শুভেচ্ছা জনাই সামাজিক মাধ্যমত ৷