আজি কাৰ্গিল বিজয় দিৱস, সমগ্ৰ দেশজুৰি এই যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক সশ্ৰদ্ধ স্মৰণ

Share

আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ জুন মাহত কাৰ্গিলত পাকিস্তান সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬জুলাইত ভাৰতীয় সেনাই পাকিস্তানৰ সেনাক পৰাস্ত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজা। সেই দিনৰ পৰাই ২৬জুলাইৰ দিনা উক্তদিনটো কাৰ্গিল দিৱস হিচাপে পালন কৰা হৈছে।

গোলা-বাৰুদ, মিছাইলৰ শব্দই উত্তপ্ত কৰিছিল সমগ্ৰ পৰিৱেশ সেই দিনটোত। য’ত দেশৰ বাবে প্ৰাণ আহুতি দিব লগা হৈছিল ৫২৭ গৰাকী সেনাই। এইসকলৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিব লগা হৈছিল অসম সন্তান বীৰ শ্বহীদ কেপ্তেইন জিন্তু গগৈয়ে। এই যুদ্ধত ভাৰতীয় জোৱান সকলে ১১দিন পৰ্যন্ত মুখত পানী এটুপি নিদিয়াকৈ অৱত্তীৰ্ণ হৈছিল।

দেশৰ বাবে শ্বহীদ হোৱা এই সকল জোৱানক আজি দেশজুৰি স্মৰণ কৰা হৈছে। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাজনো বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বীৰ শ্বহীদসকলক।

Leave a Reply

Your email address will not be published. Required fields are marked *